স্বাগতম্ এয়া

ৱিকিপ্ৰজাতি

সকলোৱে সম্পাদনা কৰিব পৰা মুক্ত প্ৰজাতি নিৰ্দেশিকা

এনিমেলিয়া, প্লেণ্টে, ফাংগি, বেক্টিৰিয়া, আৰ্কিয়া, প্ৰটিষ্টা আৰু জীৱনৰ আন সকলো ৰূপ সামৰে।

এতিয়ালৈকে ইয়াত ৮,১৮,১১২টা প্ৰবন্ধ আছে

ৱিকিপ্ৰজাতি মুক্ত, কাৰণ জীৱন পাব্লিক ড'মেইনত উপলব্ধ!

আমাৰ টুইটাৰৰ ঠিকনা: @Wikispecies

বৰ্গ পথ প্ৰদৰ্শন

ৱিকিপ্রজাতি পৰিভ্ৰমণ কৰক

  • সহায় – পৃষ্ঠা সৃষ্টি কৰাত সহায়ৰ বাবে
  • বৰ্গীকৰণ – প্ৰজাতিসমূহৰ নিনিয়ান বৰ্গীকৰণৰ বিষয়ে তথ্য।
  • ৰাইজৰ চ'ৰা – প্ৰকল্পটোৰ বিষয়ে আলোচনা কৰিবলৈ।
  • কৰা হ'ল আৰু কৰিবলগীয়া – পৰিভাষিত হ'বলগীয়া লক্ষ্য আৰু বিস্তৃত ক্ষেত্ৰৰ সন্দৰ্ভত।
  • ৱিকিপ্ৰজাতি প্ৰায় উদিত প্ৰশ্ন – সাধাৰণ বিচাৰৰ উত্তৰ চাওক।
  • চিত্ৰ নিৰ্দেশাৱলী – ছবি আপল'ড কৰাৰ ঠাই বিষয়ত আমাৰ সংস্তুতি।
  • ৱিকিপ্ৰজাতি পিআৰ – ৱিকিপ্ৰজাতিৰ বিষয়ে প্ৰচাৰ কৰি সহায় কৰক

জুকীজৰ সৈতে সহযোগ

ৱিকিপ্ৰজাতি আৰু জুকীজসহযোগিতা ঘোষণা কৰা হৈছে। ফাইট'কীজেও এই সহযোগিতাত নৱেম্বৰ ২০১০ত যোগদান কৰিলে। ৱিকিপ্ৰজাতি ব্যৱহাৰ কৰি জুকীজ আৰু ফাইট'কীজৰ প্ৰজাতিসমূহৰ চিত্ৰ ৱিকিমিডিয়া কমন্সত আপল'ড কৰা হ'ব।

প্ৰতিষ্ঠিত লেখক

চাৰ্লছ ডাৰ্ৱিন (১৮০৯-১৮৮২)

চাৰ্ল্ছ ৰবাৰ্ট ডাৰ্ৱিন এগৰাকী ব্ৰিটিছ জীৱবিজ্ঞানী। তেওঁৰ জন্ম হৈছিল ১২ ফেব্ৰুৱাৰী ১৮০৯ চনত আৰু মৃত্যু হৈছিল ১৯ এপ্ৰিল ১৮৮২ চনত। তেওঁ গ্ৰন্থ "অন দ্য অৰিজিন অৱ স্পীচিজে" তেওঁক বিখ্যাত কৰি তুলিলে।

ডাৰ্ৱিনৰ অন্যান্য গুৰুত্বপূৰ্ণ লেখ হ'ল-

এ' ম'ন'গ্ৰাফ অন দ্য ফচিল লেপিডিডে', অৰ, পেডানক্যুলে'টেড চিৰিপিডিচ অৱ গ্ৰে'ট ব্ৰিটেইন, পেলেঅণ্ট'গ্ৰাফিকেল চচাইটিৰ দ্বাৰা ১৮৫১ চনত প্ৰকাশিত।

এ' ম'ন'গ্ৰাফ অন দ্য চাব-ক্লাছ চিৰিপিডিয়া ৱিথ ফিগাৰ্ছ অৱ অল স্পীচিজ, ভলিউম ১, ৰে' চচাইটিৰ দ্বাৰা ১৮৫২ চনত প্ৰকাশিত।

এ' ম'ন'গ্ৰাফ অন দ্য চাব-ক্লাছ চিৰিপিডিয়া ৱিথ ফিগাৰ্ছ অৱ অল স্পীচিজ, ভলিউম ২, ৰে' চচাইটিৰ দ্বাৰা ১৮৫৪ চনত প্ৰকাশিত।

Acastha cyatus, Conopea inclusa, Dichelaspis, Epopella simplex, Ibla cumingi আদি অনেক জীৱৰ টেক্সনমি ডাৰ্ৱিনৰ নামত। ডাৰ্ৱিনে ৮০+ জীৱৰ বিৱৰণ দাঙি ধৰিছিল।

জীৱবিজ্ঞানলৈ ডাৰ্ৱিনৰ বিৰল বৰঙণি হ'ল 'ক্ৰমবিকাশৰ সূত্ৰ'। এই সূত্ৰই এটি প্ৰজাতিৰপৰা আন প্ৰজাতিলৈ হোৱা ক্ৰমবিকাশৰ ব্যাখ্যা দাঙি ধৰে। এই সূত্ৰই 'প্ৰাকৃতিক বুৰঞ্জী'ক 'জীৱ বিজ্ঞান'লৈ ৰূপান্তৰিত কৰাত বিশেষ ভূমিকা পালন কৰিছিল।


নিৰ্বাচিত প্ৰজাতি

সোণালী বান্দৰ- Trachypithecus geei

সোণালী বান্দৰ বা Trachypithecus geei হৈছে Cercopithecidae পৰিয়ালৰ Colobinae উপ-পৰিয়ালৰ genus Trachypithecus ৰ এটি প্ৰজাতি। এই প্ৰজাতি ভাৰতৰ অসম ৰাজ্যৰ পশ্চিম ভাগ আৰু চুবুৰীয়া ভূটান দেশৰ দক্ষিণ ভাগত পোৱা যায়। এই প্ৰজাতিৰ সংৰক্ষণ, এই প্ৰজাতিৰ অতিকৈ সৰু জনসংখ্যাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।

হিমালয় আৰু অসমত বাস কৰা লোকে এই প্ৰজাতিক কেইবা যুগৰপৰা পৱিত্ৰ জ্ঞান কৰি আহিছিল। পাশ্চাত্য জগতক এই প্ৰজাতিৰ সৈতে প্ৰথম পৰিচিত কৰিলে প্ৰকৃতিবিদ ইঃ পিঃ জীয়ে, ১৯৫০ৰ দশকত। ভূটানত এই প্ৰজাতিৰ T. pileatus ৰ সৈতে হাইব্ৰিড পোৱা যায়।

সোণালী বান্দৰৰ বাহ্যিক ৰং সৰৰ ৰঙৰপৰা সোণালী ৰঙলৈকে হ'ব পাৰে। শৰীৰৰ কিছু কিছু অংশৰ ৰং মামৰৰ দৰে। কম বয়সীয়া আৰু মাইকী বান্দৰৰ ৰং তুলনামূলকভাৱে পাতল। সোণালী বান্দৰৰ মুখখন ক'লা আৰু নেজৰ দৈৰ্ঘ্য ৫০ চেণ্টিমিটাৰলৈকে হ'ব পাৰে। কোনো কোনোৱে মন কৰিছে যে সোণালী বান্দৰৰ ৰং ভিন ভিন ঋতুত ভিন ভিন হ'ব পাৰে।

সাধাৰণতে সোণালী বান্দৰ ওখ গছৰ ওপৰতে থাকে। বান্দৰটিৰ দীঘল নেজে এডালৰপৰা আন ডাললৈ যাওঁতে ভাৰসাম্য বৰ্তাই ৰখাত সহায় কৰে। বৰষুণৰ বতৰত ই নিঞৰ আৰু গছৰ পাতৰপৰা পানী সংগ্ৰহ কৰে। এই বান্দৰে ফল-মূল, পাত আদি ভক্ষণ কৰে।

আন ভাষাত ৱিকিপ্ৰজাতি

Wikispecies is hosted by the non-profit Wikimedia Foundation, along with several other multilingual and free-content projects:

Meta-Wiki
Coordination of all Wikimedia projects
Wikipedia
The free encyclopedia
Commons
Free media repository
Wikibooks
Free textbooks and manuals
Wikiquote
Free collection of quotations
Wiktionary
Free dictionary and thesaurus
Wikisource
The free library
Wikinews
Free content news source
Wikiversity
Free learning resources
Wikidata
Free knowledge base
Wikivoyage
Free travel guide
MediaWiki
Free wiki software
This article is issued from Wikimedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.